জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোকক আটক কৰিছে। দৰং আৰক্ষীয়ে কালি দলগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষকক এনে আপত্তিজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। শিক্ষকজনৰ বিৰুদ্ধে দলগাঁও থানাত এটা সংগঠনে এজাহাৰ দাখিল কৰিছিল। যোৰহাটতো এগৰাকী সাংবাদিকৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। ইপিনে, যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি শিল্পীগৰাকীৰ অনুৰাগীৰ নাম লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰা একাংশ লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কালি লাঠীচালনা কৰাৰ লগতে কেইবাজনো লোকক আটক কৰে ।
Site Admin | September 23, 2025 11:05 AM | zubeen
জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰৰ অভিযোগত কেইবাজনো লোকক আটক
