December 12, 2025 11:32 AM | SIT

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত আজি এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিছে। দীঘলীয়া অনুসন্ধান আৰু ৩ শতাধিক লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ অভিযোগনামা আজি আদালতত দাখিল কৰা হব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব বুলি এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই ইতিমধ্যে প্ৰকাশ কৰিছে। এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা ১৯/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব। ছিংগাপুৰত নৰ্থ ইষ্ট ফেস্টিভেলৰ আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ সন্দৰ্ভত সম্পূর্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ সম্পৰ্ক নাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ডিব্ৰুগড়ত এই সন্দর্ভত কয়, যে আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্ষীৰ কাম শেষ হব আৰু নির্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে।