ভাৰতৰ ওপৰত বিশ্বৰ জটিল শুল্ক প্ৰেক্ষাপটৰ প্ৰভাৱ কমকৈ পৰিব বুলি বিজেপিৰ মুখপাত্ৰ চৈয়দ জাফৰ ইছলামে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত মুখপাত্ৰগৰাকীয়ে কয়, যে ৰপ্তানি নিৰ্ভৰশীল অন্য অর্থ ব্যৱস্থাৰ তুলনাত ভাৰতীয় অর্থ ব্যৱস্থা যথেষ্ট স্থিৰ হৈ থাকিব। তেওঁ কয়, যে দেশত সামগ্ৰীৰ ঘৰুৱা ব্যৱহাৰ ৫০ শতাংশৰো অধিক আৰু ইয়াৰ ফলত দেশত অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত হৈছে। তেওঁ লগতে বিশ্বজনীন অনিশ্চয়তা সত্ত্বেও ভাৰতীয় মুদ্ৰা নিধিয়ে ২০২৫ আৰু ২০২৬ বৰ্ষৰ বাবে ভাৰতীয় অর্থ-ব্যৱস্থাৰ বিকাশ হাৰ ৬ দশমিক ৪ শতাংশ হ’ব বুলি কৰা অনুমানৰ বিষয়ে উল্লেখ কৰে।
Site Admin | August 19, 2025 8:35 PM | zafar Islam
ভাৰতৰ ওপৰত বিশ্বৰ জটিল শুল্ক প্ৰেক্ষাপটৰ প্ৰভাৱ কমকৈ পৰিব বুলি চৈয়দ জাফৰ ইছলামৰ প্ৰকাশ