টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ২৬ সংখ্যক স্থানত প্ৰৱেশ কৰিছে। ভাম্ব্ৰিয়ে কৰি ভাৰতৰ ডাবল্ছ টেনিছ খেলুৱৈৰ শীৰ্ষ স্থান দখল কৰিছে। একেৰাহে চাৰে ৫ বছৰ শীর্ষস্থান দখল কৰি থকা ৰোহন বোপন্না ৪৪ সংখ্যক স্থানলৈ অৱনমিত হৈছে। ইউকি ভাম্ব্ৰিয়ে শেহতীয়াকৈ তেওঁৰ সহযোগী পৰ্টুগালৰ নুন’ বৰ্গেচৰ সৈতে মিয়ামি অ’পেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ব্ৰিটিছ যুটি লয়েড গ্লাছপুল আৰু জুলিয়ান কেছৰ হাতত ৬-৭, ৬-৩, ৮-১০ ছেটত পৰাস্ত হয়।
Assamese | March 31, 2025 9:20 PM | Yuki Bhambri Achieves Career-High ATP Doubles Rank of 26
টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ