January 8, 2026 8:19 PM | young leaders

printer

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত

নতুন দিল্লীত কাইলৈৰ পৰা ১২ জানুৱাৰীলৈকে দ্বিতীয় সংস্কৰণ বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৬ অনুষ্ঠিত হ’ব। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত অহা শনিবাৰ আনুষ্ঠানিকভাবে এই আলোচনা মুকলি কৰা হ’ব। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত এই আলোচনাৰ সামৰণি অনুষ্ঠানত অংশ ল’ব। শ্রী মান্দাভিয়াই কয়, যে দেশ আৰু বিদেশৰ ২ হেজাৰ ৫০০ ৰো অধিক যুৱ প্ৰজন্মই এই আলোচনাতভাগ ল’ব। ইছৰোৰ মহাকাশকাষচাৰী গ্রুপ কেপ্তেইন শুভাংশু শুক্লা আৰু গ্রুপ কেপ্তেইন প্রশান্ত নায়বে এই আলোচনাত ভাগ লৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰতীয় মহিলা ক্রিকেট দলৰ কেপ্তেইন হৰমন প্রীত কৌৰেও এই আলোচনাত ভাগ ল’ব। তেওঁ লগতে কয়, যে বিভিন্ন ক্ষেত্ৰৰ উল্লেখযোগ্য ব্যক্তি পোলেল্লা গোপীচান্দ, লিয়েণ্ডাৰ পেজ, পালকি শর্মী, শিৱব্ৰত দাসৰ লগতে পদ্ম বঁটা প্রাপক আৰু যুৱ সাংসদ আৰু বিধায়কসকলেও ইয়াত ভাগ ল’ব।