ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বিভিন্ন দেশতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ব্ৰিটেইনত লণ্ডনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে অক্সফ‘ৰ্ড আৰু কেমব্রিজ বিশ্ববিদ্যালকে ধৰি ভালেমান স্থানত, নিউয়ৰ্কৰ টাইম স্কোৱেৰ, জাপানৰ ট‘কিঅ‘ত অৱস্থিত ছুকিজী হংৱান্জি বৌদ্ধ মঠ আদিকে ধৰি ভিন ভিন দেশ ভালেমান স্থানত সংশ্লিষ্ট দেশসমূহৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ অংশগ্ৰহণেৰে এই দিৱস পালন কৰা হয়।
ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ৰাজকুমাৰ ফেইজল বিন ফহদ ক্রীড়া চহৰ ষ্টেডিয়ামত আজি উৎসাহ-উদ্দীপনাৰে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত চৌদি আৰবৰ ৫০০ ৰো অধিক যোগ সাধকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ব্যক্তিগত কল্যাণ আৰু বিশ্বজনীন সদ্ভাৱৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হয়। আবু ধাবিত থকা ভাৰতীয় দূতাবাসতো আজি আবু ধাবি ক্ৰীড়া পৰিষদৰ সহযোগত যোগ দিৱস পালন কৰা হয় ৷ ভাৰতৰ আগশাৰীৰ টেনিছ তাৰকা ছানিয়া মির্জা আৰু সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্রদূত সঞ্জয় সুদীৰে এই অনুষ্ঠানত ভাগ লয় ।