ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠান আয়োজিত

সম্প্ৰতি বিশ্বৰ বিভিন্ন অংশত দেখা দিয়া ক্রমবর্ধমান উৎকণ্ঠা, অস্থিৰতা আৰু অশান্তিৰ দৰে পৰিস্থিতিসমূহৰ মাজত যোগে শান্তিৰ পথ দেখুৱায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিশাখাপট্টনমত আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত নেতৃত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে এইবেলি ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্ববাসী একাদশবাৰলৈ যোগাভ্যাসৰ বাবে ঐক্যবদ্ধ হৈছে। এই কাৰ্যই সমগ্ৰ বিশ্বৰ জনসাধাৰণ সুন্দৰভাৱে একেদল হোৱাটোক সূচাইছে বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে মানৱ সমাজক শ্বাস গ্রহণ, ভাৰসাম্য ৰক্ষা আৰু সামগ্ৰিকভাৱে এটা শক্তি হিচাপে পুনৰ অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত যোগ, পৰিবৰ্তনৰ বাহক হিচাপে বিবেচিত হৈছে।

তেওঁ কয় যে এইবেলি যোগ দিৱসৰ মূলমন্ত্ৰ, এখন বিশ্বৰ বাবে আৰু এটা স্বাস্থ্যৰ বাবে যোগৰ বিষয়টোৱে বৰ্তমানৰ আৰু ভৱিষ্যতৰ প্ৰজন্মৰসমূহৰ বাবে সুখী তথা স্বাস্থ্যকৰ ভৱিষ্যতৰ দিন নিশ্চিত কৰাৰ উদ্দেশ্যে বিশ্ববাসী কেনেদৰে একগোট হৈছে সেই কথাটোকেই সূচায়। সমগ্র বিশ্বত যোগক অধিক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ভাৰতে যোগ বিজ্ঞানক আধুনিক গৱেষণাৰ জৰিয়তে শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দেশৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠানসমূহো সম্প্ৰতি যোগ বিষয়ৰ গৱেষণাত ব্ৰতী হৈছে। যোগৰ বৈজ্ঞানিক দিশটোক আধুনিক চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত কৰোৱাৰ বাবে চেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এয়া কেৱল এটা প্ৰস্তাৱৰ প্ৰতি সমর্থনেই নহয়, বৰঞ্চ মানৱৰ কল্যাণৰ বাবে ই সামূহিক প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে।

দেশৰ আন অংশতো আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ডেৰাডুনত আয়োজিত এটা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোগৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি সংসদ চৌহদত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত গুৰি ধৰে। তেওঁ কয়, যে যোগাভ্যাসে শৰীৰ, মন আৰু আত্মাৰ মিলনৰ শক্তিশালী আহিলা হিচাপে কাম কৰে আৰু ব্যক্তিৰ সামগ্রিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে যোগাভ্যাসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰাচীন পৰম্পৰাক আকোৱালি লৈছে। একেদৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ পুছা চৌহদত ৰাজহুৱা যোগাভ্যাস অনুষ্ঠানত ভাগ লয় ।

ৰাষ্ট্ৰীয় ৰাজধানীস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। আকাশবাণীৰ সঞ্চালক প্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড়, অতিৰিক্ত সঞ্চালক প্রধান এল মধু নাগ আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।