বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা ৬ বজাত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ ৪৩৪টা সাংগঠনিক মণ্ডলত কাইলৈ যোগ দিৱসৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দিছপুৰ মণ্ডলত তথা অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ নেতৃবৃন্দই ভিন ভিন স্থানত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনত গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’ৰ উদ্যোগত গুৱাহাটী ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচার্য যতীন গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বিশেষজ্ঞ প্রশিক্ষকৰ দ্বাৰা বিভিন্ন যোগ কৌশল প্ৰদৰ্শন কৰা হ’ব। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ’ব। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি কালি জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনত কাইলৈ যোগ দিৱস উপলক্ষে পুৱা সমূহীয়া যোগাভ্যাস কৰা হ’ব। এই কাৰ্যসূচীত যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত স্বেচ্ছামূলকভাৱে কাম কৰি থকা জিলাখনৰ বিভিন্ন সংগঠনৰ প্রতিনিধি আৰু অন্যান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।
Site Admin | June 20, 2025 8:55 PM | yoga all assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন