এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতে ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীর্ষস্থান দখল কৰিছে। কালি দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৮৭টা পদক লাভ কৰে। প্ৰতিযোগিতাখনত জাপানে ৩টা সোণ, ৩টা ৰূপ আৰু ওমান ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ পাছতে মংগোলীয়া, আৰু নেপালে তৃতীয়, চতুৰ্থ আৰু পঞ্চমস্থান লাভ কৰে। উজবেকিস্তান, শ্রীলংকা, থাইলেণ্ড, কাজাখাস্তান আৰু ভূটানৰ প্ৰতিযোগীসকলেও উল্লেখনীয় প্রদর্শন কৰে। প্ৰতিযোগিতাখনত ২১ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছিল।