ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিশ্ব কাছ দিৱস

আজি বিশ্ব কাছ দিৱস। ২০০০ চনৰ পৰা প্ৰতি বছৰে ২৩ মে’ত বিশ্বজুৰি কাছ দিৱস পালন কৰি অহা হৈছে। কাছৰ সংৰক্ষণ আৰু সুৰক্ষা সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেই এই দিৱসৰ মূল উদ্দেশ্য বিশ্বনাথ জিলাৰ নাগশংকৰ দেৱালয় চৌহদত আজি বিশ্ব কাছ দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে, এই দেৱালয়ৰ বৃহৎ পুখুৰীত ১১ টা প্ৰজাতিৰ কাছ আছে। বন বিভাগ, টি এছ এ ইণ্ডিয়া আৰু নাগশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আৰণ্যক তথা WWFৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষ আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে কাছ সংৰক্ষণৰ বিষয়ত বক্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৭ টা প্ৰজাতিৰ কাছ পোৱা যায়। এই কাছসমূহে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাছৰ প্ৰজনন আৰু সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা হাজোৰ প্ৰণৱ মালাকাৰ নামৰ ব্যক্তিগৰাকীৰ ব্যতিক্রমী কাৰ্যসূচীৰ বিষয়ে আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শ্ৰী মালাকাৰে ২০০৮ চনৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰত কাছৰ কণী বৈজ্ঞানিক পদ্ধতিৰে প্ৰজনন কৰি বৰ্তমানলৈকে এহেজাৰৰ অধিক কাছৰ পোৱালি পবিতৰা, মানাহ আৰু কাজিৰঙা অভয়াৰণ্যৰ উপৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক