ডাউনলোড
মোবাইল এপ

android apple
signal

সমগ্ৰ বিশ্বতে আজি বিশ্ব জনসংখ্যা দিৱস পালন

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯০ চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ জৰিয়তে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৯০ চনৰ ১১ জুলাইত বিশ্বৰ ৯০ খনতকৈও অধিক দেশত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এইবাৰৰ দিৱসৰ মূল বিষয় হ’ল মাতৃ আৰু শিশু উভয়ৰে সুস্বাস্থ্য আৰু কল্যাণৰ হকে গৰ্ভধাৰণৰ মাজৰ সময়ৰ উপযুক্ত ব্যৱধান।

ৰাজ্যৰ কেইবাখনো জিলাত আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসংখ্যা বিস্ফোৰণ আৰু ধৰ্মীয় জনসংখ্যাগত অসমতাৰ বিষয় সন্দৰ্ভত জনসংখ্যা সমাধান ফাউণ্ডেছনৰ শাখা অনুষ্ঠানৰ ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ বৰপেটা জিলা সমিতিয়ে আজি জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্রণ আইন তৎপৰতাৰে প্রনয়ণ আৰু কাৰ্যকৰী কৰিবলৈ দাবী জনোৱা হয়। ২০২৩ চনত চলোৱা এটা স্বাক্ষৰ সংগ্ৰহ অভিযানত এই আইনখনৰ প্ৰতি দেশৰ এক কোটি ২০ লাখতকৈ অধিক লোকৰ সমৰ্থন থকাৰ বিষয়ে তথ্য লাভ কৰা বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে।
       মৰিগাঁও জিলাত লায়ন্স ক্লাৱৰ উদ্যোগত আৰু মৰিগাওঁ মহাবিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে আজি এখন দিনযোৰা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত লায়ন্স ক্লাৱৰ সদস্য, মহাবিদ্যালয়ৰ শিক্ষককে ধৰি এশ গৰাকীৰো অধিক লোকে অংশগ্ৰহণ কৰে ৷

বজালী জিলাৰ পাঠশালাস্থিত ছহিদ মদন ৰাওতা অসামৰিক চিকিৎসালয়ত এই দিৱসৰ সৈতে সংগতি ৰাখি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। বজালী সদৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দিপ্তী চৌধুৰীয়ে শুভাৰম্ভ কৰা সভাখনত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, নার্চ, আশাকৰ্মী আৰু সচেতন নাগৰিক উপস্থিত থাকে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কাচাৰ জিলা স্বাস্থ্য সমিতিয়ে আজি এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰাও আমালৈ এই দিৱস পালনৰ বাতৰি আহি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।