নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে ৩৪.৮৪ মিটাৰ ডিছকাছ থ্ৰ’ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে ২৬.৯৮ মিটাৰেৰে ৰূপৰ আৰু জনক সিং হার্চানাই ২৫.১৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। মহিলাৰ ১০০ মিটাৰৰ T35, T36, T38 আৰু T44 শাখাত অষ্ট্ৰেলিয়াৰ ৰিয়ানন ক্লার্কে ১৩.১৪ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰে। ভাৰতৰ প্ৰীতি পলে দ্বিতীয় আৰু জাৰ্মানীৰ নিকোলে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজিত এই প্রতিযোগিতাত বিশ্বৰ ২০খন দেশৰ মুঠ ২৫০গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে। ইয়াৰে ১৪৫গৰাকী ভাৰতীয় খেলুৱৈ। খেলুৱৈসকলে ৯০বিধ খেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে প্ৰথমবাৰৰ বাবে এইবাৰ এনে বৃহৎ পেৰা এথলেটিকছ প্রতিযোগিতাৰ আয়োজন কৰিছে। ২০২৪ বৰ্ষত পেৰিচ পেৰা অলিম্পিকত স্বর্ণ পদক বিজয়ী প্রবীণ কুমাৰ, নৱদ্বীপ সিং আৰু ধৰ্মবীৰ কৌৰে ভাৰতীয় দলক নেতৃত্ব দিছে।
Site Admin | March 12, 2025 11:58 AM | World Para-Athletics Grand Prix opens in national capital
বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় ভাৰতৰ
