বিশ্ব বৃক্ক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃক্ক ৰোগৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বিশ্বৰ ৮ কোটি ৫০ লাখৰো অধিক লোক দীর্ঘম্যাদী বৃক্কজনিত ৰোগত আক্ৰান্ত হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছে। ভাৰতত অন্তিম পৰ্যায়ৰ বৃক্ক ৰোগত আক্ৰান্তৰ সংখ্যা প্ৰতি বছৰে দুই লাখ ২০ হাজাৰকৈ বৃদ্ধি পাই আহিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে। ৰাজ্যৰ ৩৪ খন জিলাৰ ৫৪ টা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কমেও ২৫ হাজাৰ ৰোগীক বিনামূলীয়াকৈ ডায়েলাইছিছ সেৱা প্ৰদান কৰা হৈছে। বৰ্তমানলৈ ৰাজ্যৰ ৮ লাখৰো অধিক লোকক এই সেৱা প্ৰদান কৰা হৈছে। বৃক্ক ৰোগত আক্ৰান্তৰ হাৰ হ্ৰাস কৰাৰ বাবে এই ৰোগ সৃষ্টিকাৰী মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, মেদবহুলতাকে ধৰি ৰোগসমূহ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে সজাগতা কাৰ্যসূচীসমূহত গুৰুত্ব দিয়া হয়। আজি কামৰূপ জিলাৰ আমিনগাঁৱত বিশ্ব বৃদ্ধ দিৱস উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ত কেইবাগৰাকীও চিকিৎসকে বৃক্ক ৰোগ আৰু ইয়াৰ নিৰাময় সন্দৰ্ভত ভাষণ দিয়ে।
Site Admin | March 13, 2025 8:29 PM | world kidney day
বিশ্ব বৃক্ক দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃক্ক ৰোগৰ সজাগতা অনুষ্ঠান