ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ হ’বলগীয়া বৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। কালি ছুইজাৰলেণ্ডলৈ যাত্ৰাৰ কৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে তেওঁ ৰাজ্যবাসীৰ আশিস বিচাৰে।
এই সন্মিলনত ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়ো অংশগ্রহণ কৰিব। ডাভ’ছত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত বৰ্ড ইক’ন’মিক ফ’ৰামত অসমক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্রী ড০ শর্মা হ’ব প্রথমগৰাকী অসমীয়া। মুখ্যমন্ত্রী ড০ শৰ্মাই এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্রত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকর্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্রযুক্তিগত উদ্ভাবনত অসমক আগশাৰীলৈ লৈ যোৱাৰ দিশত পদক্ষেপ ল’ব। তেওঁ এই ফ’ৰামত ১৭ খনতকৈও অধিক বৈঠকত অংশ লোৱাৰ লগতে বহুকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সম্মিলনৰ ৫৬ সংখ্যক এই বার্ষিক বৈঠকত বিশ্বৰ ৩ হাজাৰৰো অধিক নেতাই অংশগ্রহণ কৰাৰ কথা আছে। ৫ দিনীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন কোম্পানীৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়া তথা চৰকাৰী প্ৰতিনিধিৰ এটা বৃহৎ দলে ইতিমধ্যে ছুইজাৰলেণ্ডত বাহৰ পাতিছে। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণব, প্রহ্লাদ যোশী, কে বাম মোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকতো উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমকে ধৰি মহাৰাষ্ট, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্রীকেইগৰাকীয়ে নিজ নিজ ৰাজ্যত বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকলক আকৰ্ষণৰ চেষ্টা কৰিব।