শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন কৰিছে। ৯ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্রন্থমেলাত বিশ্বৰ ৩৫খনতকৈ অধিক দেশৰ সহস্রাধিক প্রকাশকে অংশগ্ৰহন কৰিছে। গ্ৰন্থমেলাখনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কিতাপ হৈছে জ্ঞানৰ এনে বাহক যি প্ৰজন্মৰ মাজত সেতু ভুমিকা লোৱাৰ পৰা মানৱ প্ৰজাতিৰ বিভিন্ন সময়ক সাঁচি ৰখাৰ লগতে সমাজৰ পথ প্ৰদৰ্শন কৰি আছে। নতুন দিল্লী বিশ্ব গ্রন্থমেলাক দেশৰ অধ্যয়ন সংস্কৃতিৰ লগতে পঢ়ুৱৈ সমাজৰ সৰ্ববৃহৎ অনুষ্ঠান বুলি অভিহিত কৰাৰ লগতে ইয়াক বিশ্বৰ ভিতৰতে সন্মানীয় অনুষ্ঠান বুলিও প্রকাশ কৰিছে। শ্রী প্রধানে লগতে প্রকাশ কৰিছে যে আজিৰ ডিজিটেল যুগত জ্ঞানক সকলোৰে মাজলৈ লৈ যোৱাটো চৰকাৰৰ কর্তব্য। য’ত ভাষাই বাধাৰ পৰিৱৰ্তে সেতুৰ ভুমিকা পালন কৰে। ৰাষ্ট্ৰীয় ই-পুথিভড়ালৰ জড়িয়তে ২৩টাত কৈ অধিক ভাষাত ৬০০০তকৈ অধিক কিতাপ প্রকাশ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যুৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাটো চৰকাৰৰ কর্তব্য বুলিও তেওঁ কয়।
Site Admin | January 10, 2026 7:50 PM | Book Fair
নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন