ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 30, 2025 8:40 PM | Book Fair

printer

পৰহিলৈ পৰা নতুন দিল্লীত বিশ্ব গ্রন্থমেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰহিলৈ বিশ্ব গ্রন্থমেলা আৰম্ভ হব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে- আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। ৯ দিনীয়াকৈ আয়োজিত এই গ্রন্থমেলা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুই উদ্বোধন কৰিব। নেচনেল বুক ট্রাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এইবাৰৰ বিশ্ব গ্রন্থমেলাত ৰাছিয়াই মুখ্য দেশ হিচাপে ভাগ লব। ফ্রান্স, আর্জেন্টিনা, স্পেইন, কলম্বিয়া, আবুধাবি আৰু কাটাৰকে ধৰি ৫০ খন দেশে এই গ্রন্থমেলাত অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাত দুহেজাৰৰো অধিক প্রকাশক আৰু প্ৰায় এহেজাৰ বক্তাই ভাগ লব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।