বিশ্ব বেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নির্মাণ আৰু সেৱা প্রদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক প‘ল প্রছিয়ে প্রকাশ কৰা মতে ৩৫ কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম দুর্যোগ অনুকূল পথ উন্নয়ন প্রকল্পই বিশেষকৈ পাহাৰীয়া ঠাইসমূহত সকলো বতৰৰ বাবে অনুকূল পথ নির্মাণত সহায় কৰিব আৰু জনজাতীয় তথা গ্রামাঞ্চলৰ যাত্ৰীসকলৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। এই প্রকল্পই ৰাজ্যৰ উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্রকল্পই ৰাজ্যৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ পথ প্রশস্ত কৰিব। একেদৰে ২৫ কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম বিদ্যালয় শিক্ষা আৰু কিশোৰ কল্যাণ প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ ২০ লাখ ছাত্র-ছাত্ৰীৰ ফলাফল উন্নত কৰাত সহায় কৰিব আৰু ১০ৰ পৰা ১৯ বছৰ বয়সৰ অন্য ২০ লাখ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে প্রয়োজনীয় প্রশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ‘ব। ৮ কোটি ডলাৰেৰে কাৰ্যকৰী কৰিবলগীয়া অসম প্রশাসন আৰু সেৱা প্রদান কাৰ্যসূচীয়ে আবণ্টন আৰু ৰাজহুৱা সম্পদৰ ব্যয়, প্রশাসনিক সেৱা প্রদান প্রক্রিয়া আৰু ডাটাপ্রণালীকে ধৰি ৰাজহুৱা বিত্তীয় ব্যবস্থা শক্তিশালী কৰি তুলিব।
Site Admin | January 16, 2026 12:27 PM | World Bank
অসমত ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত বিশ্ব বেংকৰ অনুমোদন