আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— সকলো মহিলা আৰু কিশোৰীৰ বাবে ঃ অধিকাৰ, সমতা, সবলীকৰণ। এই উদ্দেশ্যে প্ৰতিগৰাকী মহিলাৰ সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে।
ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই দিৱস উপলক্ষে আজি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত অৱস্থিত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই কার্যসূচীত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ লগতে ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াও উপস্থিত থাকে। গুৱাহাটী মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত আয়োজন কৰা এটা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ স্মৃতিত সমাজকৰ্মী তথা লেখিকা জুনু বৰাক এই বছৰৰ ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
নাবাৰ্ডৰ উদ্যোগত আৰু মঙলদৈ বে-চৰকাৰী সংস্থা ৰুৰেল অর্গেনাইজেচন ফৰ অলৰাউণ্ড ডেভেলপণ্টেমেণ্ট চমুকৈ ৰ’ড’ৰ সহযোগত মঙলদৈ ইয়ুথ ক্লাবত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত দৰঙৰ অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
মৰিগাঁও জিলাতো একাধিক সংগঠন আৰু মৰিগাঁও জিলা নাথ যোগী সন্মিলনৰ উদ্যোগত জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। অনুষ্ঠানত নাৰী শিক্ষা আৰু বাল্যবিবাহ শীর্ষক এখন আলোচনা চক্রও অনুষ্ঠিত হয়।
ধেমাজি মহাবিদ্যালয়ত মহিলা অধ্যয়ন কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় সেৱা কেন্দ্ৰৰ উদ্যোগত আজি ধেমাজি জামুগুৰি মজলীয়া বিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হয়। অঞ্চলটোৰ কাংকান আত্মসহায়ক গোটৰ সহযোগত অনুষ্ঠিত এই দিৱসত ধেমাজি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰববী কুমুদ বৰাই নাৰী দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে ।
কার্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচীৰে আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়। কাৰ্বি আংলং জিলা মহিলা সমিতি আৰু জিলা কুষ্ঠ ৰোগ কাৰ্যালয়ৰ সহযোগত ডিফুত অনুষ্ঠিত আন্তর্জাতিক নাৰী দিৱসত নাৰীৰ অধিকাৰ, স্বাধীনতা আৰু নিৰাপত্তা শীর্ষক আকস্মিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয়।
তেজপুৰ মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আই কিউ এ চিৰ সহযোগত তেজপুৰত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।
বৰপেটা জিলাতো আজি বিভিন্ন অনুষ্ঠান তথা মহিলা সংগঠনৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়। এই উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনৰ পৰা উলিওৱা এটা সমদলে বৰপেটা চহৰৰ কেইবাটাও মূল পথ পৰিভ্ৰমণ কৰে। জিলাখনৰ কলগাছিয়া আৰু সৰভোগতো এই দিবস উদযাপন কৰা হয়।
লখিমপুৰ জিলাৰ ঘূনাখুঁতি আঞ্চলিক মিচিং ছাত্র সংগঠন আৰু মহিলা আত্মসহায়ক গোটৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত নাৰীৰ সাংবিধানিক অধিকাৰ, নাৰী সুৰক্ষা, আত্মনিৰ্ভৰশীলতা আদি বিষয় সামৰি এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
গোৱালপাৰা জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰাৰ সখী একক অৱস্থান কেন্দ্ৰৰ সহযোগত গোৱালপাৰা চহৰত নাৰী দিৱস পালন কৰা হয়। এই অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগতে সখী একক অবস্থান কেন্দ্ৰৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।
ৰাজ্যখনৰ বিভিন্ন স্থানত আন্তর্জাতিক নাৰী দিৱস উদযাপনৰ বিষয়ে আমাৰ বিভিন্ন জিলাৰ সংবাদ দাতাসকলে পঠিওৱা বাতৰি আহি আছে।