কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩.৬০ লাখ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছেঃ কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে বস্ত্র উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩ লাখ ৬০ হাজাৰ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচনিখনৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে দক্ষতা বিকাশৰ লক্ষ্য লোৱা হৈছে বুলিও শ্ৰীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত থকা মুঠ হিতাধিকাৰীসকলৰ মাজৰ ৮৮ শতাংশই মহিলা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে কৃষিৰ পাছতে বস্ত্ৰ উদ্যোগ হৈছে দ্বিতীয় সর্ববৃহৎ নিয়োগ ক্ষেত্র। বর্তমান বস্ত্র খণ্ডত ৪ কোটি ৫০ লাখ লোক জড়িত হৈ আছে আৰু ২০৩০ চনৰ ভিতৰত এই সংখ্যা ১০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। শেহতীয়াকৈ মুকলি কৰা প্ৰধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ কথা উল্লেখ কৰি মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কয়, যে ২ লাখ কোটি পুঁজিৰে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্নশ্বিপৰ সুবিধা দিয়াৰ লক্ষ্য লোৱা হৈছে। সমাজৰ সকলো স্তৰৰ ব্যক্তিকে মূল সুঁতিলৈ আনি তেওঁলোকৰ সৱলিকৰণৰ হকে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ক্ষেত্ৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।