ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ ৰিছা ঘোষৰ মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ

ভাৰতৰ ৰিছা ঘোষে মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-টুৱেণ্টি শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিছা ঘোষে ১৮টা বলত অর্ধশতৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্টইণ্ডিজক ৬০ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা দখল কৰে। কালিৰ খেলখনত প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে চাৰিটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত ২০ অভাৰত ২১৭ ৰান সংগ্ৰহ কৰে। খেলখনত স্মৃতি মান্ধানাই ৪৭টা বলত ৭৭ ৰান আৰু ৰিছা ঘোষে ২১টা বলত ৫৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰাধা যাদৱে ৪টা উইকেট দখল কৰে। ৰিছা ঘোষে প্লেয়াৰ অৱ দ্য মেচ সন্মান লাভ কৰে আৰু স্মৃতি মান্ধানাক প্লেয়াৰ অৱ দ্য ছিৰিজ সন্মান প্ৰদান কৰা হয়।