পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি

বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰিছে। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ স্থিতি শীৰ্ষক কাৰিকৰী সংক্ষিপ্ত বিৱৰণীত এই বিষয়ে উল্লেখ কৰা হৈছে। এই বিৱৰণীত আয়ুর্বেদ, সিদ্ধ, ইউনানী, ছোৱা ৰিগপা আৰু হোমিঅ’পেথিত কৃত্রিম বুদ্ধিমত্তাৰ ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰা হৈছে। কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী প্ৰতাপৰাও যাধৱে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতিয়ে প্ৰযুক্তিৰ মাধ্যমেৰে পৰম্পৰাগত চিকিৎসা প্ৰণালীক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচায়ছে। তেওঁ কয়, যে ছাহি পোৰ্টেল, নমস্তে পোর্টেল আৰু আয়ুষ গৱেষণা পোৰ্টেলৰ দৰে মঞ্চসমূহৰ জৰিয়তে ভাৰতে ব্যক্তি বিশেষৰ বাবে সুকীয়া প্ৰমাণ আধাৰিত স্বাস্থ্য সেৱাৰ পথ প্ৰসস্ত কৰাৰ লগতে ইয়াৰ প্ৰাচীন চিকিৎসা জ্ঞানৰ সংৰক্ষণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।