December 17, 2025 11:46 AM | WHO

printer

নতুন দিল্লীত আজি পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আৰম্ভ

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই তিনিদিনীয়া শীর্ষ সম্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নীতিনির্ধাৰক, বিজ্ঞানী, চিকিৎসা বিশেষজ্ঞ আৰু নাগৰিক সমাজৰ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিছে। বিশ্বজুৰি দীর্ঘস্থায়ী আৰু সুষম স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ বাবে এক যৌথ দৃষ্টিভংগী আগবঢ়োৱাই এই শীর্ষ সম্মিলনৰ মুখ্য লক্ষ্য। “সামঞ্জস্য পুনৰুদ্ধাৰঃ বিজ্ঞান, স্বাস্থ্য আৰু কল্যাণৰ অনুশীলন” শীর্ষক ভাবধাৰাৰে এই শীর্ষ সন্মিলনখন আয়োজন কৰা হৈছে। ২০২৩ চনত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত প্রথম শীর্ষ সন্মিলনৰ পৰা লাভ কৰা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি, নতুন দিল্লীত অনুষ্ঠিত এইবাৰৰ সংস্কৰণে আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক অধিক গুৰুত্বসহকাৰে স্থান দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই শীর্ষ সন্মিলনত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই কেনেদৰে ব্যক্তিকেন্দ্রিক স্বাস্থ্য সেৱা আৰু বিশ্বৰ সামগ্রিক কল্যাণত অর্থপূর্ণ অৱদান আগবঢ়াব পাৰে, সেই বিষয়ে আলোচনা কৰা হব। এই তিনিদিনীয়া শীর্ষ সম্মিলনৰ সময়ছোৱাত পঁচিশটা আলোচনা পর্বত বিজ্ঞান, নীতি আৰু চিকিৎসা ক্ষেত্ৰৰ ১৭০জনতকৈ অধিক বিশেষজ্ঞ বক্তাই অংশগ্ৰহণ কৰিব।