পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে খাচি লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত অৰিয়েল টিমুং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ উপৰি ষ্টেনৱেল টিমুং নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। সংঘৰ্ষৰ খবৰ পোৱাৰ লগে লগে অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে। আৰক্ষীয়ে গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অৰিয়েল টিমুঙৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা ৬ অক্টোবৰত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী শান্তি সমিতিৰ মাজত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত সীমান্ত অঞ্চলটোত শান্তি বাহাল নোহোৱা পৰ্যন্ত দুয়োপক্ষই কৃষি কৰ্মকে ধৰি সকলো উন্নয়নমূলক কার্য স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
Site Admin | October 9, 2025 9:07 PM | karbi anglong clash
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত সীমান্তবাসীৰ মাজত সংঘৰ্ষ, এজন নিহত