ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্রিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্যৰ বিষয়েও ঘোষণা কৰিছে।

আনহাতে ভাৰতীয় ৰে’লৱেই দুৰ্ঘটনাত নিহতৰ নিকটাত্মীয়লৈ ১০ লাখ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকললৈ আঢ়ৈ লাখ আৰু সামান্যভাৱে আহত লোকসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে।

ৰে’ল দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কাটিহাৰ-নিউজলপাইগুৰি খণ্ডৰ ৰে’ল যাতায়াত প্ৰভাৱিত হৈছে। ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি ২৪খন ৰে’লৰ যাত্রাপথ সলনি কৰি নিউ জলপাইগুৰি, শিলিগুড়ি, বাগডোগ্রা, আলুৱাবাৰী ৰে’ল শাখাৰ পথেৰে যাতায়াতৰ ব্যৱস্থা কৰা হৈছে।