অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৮ জন বাংলাদেশী নাগৰিকক কালি পশ্চিমবংগ আৰক্ষীয়ে মুর্শিদাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। লগতে, এই বাংলাদেশী নাগৰিককেইজনক দেশত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগত আন তিনিজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। লালবাগৰ অতিৰিক্ত অধীক্ষক ৰাছপ্ৰীত সিঙে প্ৰকাশ কৰা অনুসৰি, দুটা ভিন্ন স্থানৰ পৰা লোককেইজনক গ্রেপ্তাৰ কৰা হৈছে। ধৃত বাংলাদেশীকেইজন জামাত-উল-মুজাহিদীন বাংলাদেশ, হিজব-উত-তাহৰিৰ আৰু আনছাৰুল্লাহ বাংলা টীমৰ দৰে বাংলাদেশী মৌলবাদী গোটৰ ঘাটি হিচাপে পৰিচিত বাংলাদেশৰ চাপাই নবাবগঞ্জ আৰু ৰাজশাহীৰ বুলি জানিব পৰা গৈছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত মুর্শিদাবাদৰ লালগোলা আৰক্ষীৰ দলে জামিৰুল শেখ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই অবৈধভাৱে প্ৰৱেশ কৰা পাঁচজন বাংলাদেশী নাগৰিক আৰু ভাৰতৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰে। একেখন জিলাৰে ৰাণীনগৰত চলা আন এটা অভিযানত তিনিজন বাংলাদেশী নাগৰিক আৰু এজন ভাৰতীয় সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। সংশ্লিষ্ট বিভিন্ন ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ধৃত আটাইকে শীঘ্ৰে আদালতত হাজিৰ কৰোৱাই সাতদিনৰ আৰক্ষীৰ জিম্মাত বিচৰা হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
Site Admin | July 22, 2025 1:04 PM | west bengal arrest bangladeshi 8
ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৮জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ