ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে আজি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মিয়মাণ পার্কখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। পথ, ৰে’লপথ, বিমান আৰু জলপথৰ সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে পার্কখন নিৰ্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰ উপকূলত ৩১৭ একৰ ভূমি সামৰা এই প্ৰকল্পই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাব। লগতে ভূটান, বাংলাদেশ প্রবৃত্তি চুবুৰীয়া দেশসমূহৰ সৈতেও ৰাজ্যৰ বাণিজ্য সূচল হৈ পৰিব। ভূটানৰ ৰজাগৰাকীয়ে এই প্রকল্প পৰিদৰ্শনৰ উপৰি ব্ৰহ্মপুত্ৰত নির্মিয়মান অন্তঃজলপৰিবহণ বিভাগৰ প্ৰকল্পও পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।