ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পাদদেশৰ উচ্চ অঞ্চলসমূহত পাতলীয়া তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে।

বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকাশ ফৰকাল থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৫ দশমিক ৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা আছিল ১২ দশমিক ৫ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১২ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।