ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 16, 2025 11:23 AM | weather guwahati

printer

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ সামগ্ৰিকভাৱে ডাৱৰীয়া হৈ থাকিব। লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।