ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 10, 2025 6:44 PM | Weather report

printer

ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে।
       পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহাই জিলাখনৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইয়াৰ লগতে জিলাৰ সদৰ হামৰেঙত অনুষ্ঠিত অসমী মেলা থলীও ধুমুহাই বেয়াকৈ ক্ষতিসাধন কৰে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আমাৰ পুৱাৰ আঞ্চলিক বাতৰিত এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰা দিয়া হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।