ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2024 12:58 PM | Weather

printer

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত মঙলবাৰপৰ্যন্ত ধুমুহা-বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰপৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকেনিৰে মজলীয়া বৰষুণ হ’ব পাৰে আৰু প্রতি ঘণ্টাত ৫০ কিলোমিটাৰপৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত আজি একেধৰণৰ বতৰ হ’ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।