বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কৱলত পৰিছে। কালিৰ পাছত আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত ২২ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰীলৈ হ্রাস পোৱাৰ বাবে দিনৰ ভাগত জনসাধাৰণে যথেষ্ট শীত অনুভৱ কৰিছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্ৰকোপ বঢ়া যেন অনুভৱ কৰিছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা ১৮ দশমিক ৫ ডিগ্রী আৰু সর্বনিম্ন ১৫ দশমিক ৬ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। আজি যোৰহাট আৰু উত্তৰ লক্ষীমপুৰৰ সৰ্বনিম্ন তাপমাত্রা ১১ ডিগ্রী কৈ ৰেকৰ্ড কৰা হয়। নগাওঁ জিলাৰ চাপৰমুখত আজি সর্বনিম্ন তাপমাত্রা ১০ ডিগ্রী ৰেকৰ্ড কৰা হয়।
গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তজার্তিক বিমান বন্দৰত আজি ভালেকেইখন বিমানৰ উৰণ আৰু অৱতৰণ কেইবা ঘণ্টাও বিলম্ব হয়। উত্তৰ ভাৰতত চলি থকা শীত প্রবাহ আৰু ঘন কুঁৱলীৰ বাবে ভালেসংখ্যক বিমান বন্দৰত ইয়েল্ল এলার্ট জাৰি কৰা হৈছে আৰু ১২৮ খন বিমানৰ যাত্রা বাতিল কৰা হৈছে।
ৰে’ল বিভাগৰ সূত্রই প্রকাশ কৰা মতে, সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও ৪৮ খন ৰে’ল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সর্তকতামূলক ব্যবস্থা হিচাপে ৰে’লৰ গতি হ্রাস কৰা হৈছে।