ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অংশত অহা দুই-তিনিদিনলৈ ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মঙলবাৰৰ মাজনিশাৰে পৰা ১০০ৰ পৰা ১১২ দশমিক ৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয় বুলি উল্লেখ কৰিছে। মহানগৰ প্ৰশাসন যিকোনো ধৰণৰ জৰুৰীকালীন সেৱাৰ বাবে সাজু হৈ আছে। জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। দৈনিক যাত্রী অথবা দূৰণীবটীয়া যাত্ৰীসকলক প্রবল বৰষুণৰ সময়ত অপ্রয়োজনীয় যাতায়াত এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। একেদৰে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলক ভূমিস্খলনৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
Site Admin | May 21, 2025 12:27 PM | Weather
ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা
