ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 30, 2024 6:01 PM | WAVES

printer

প্ৰথমবাৰৰ বাবে ভাৰতৰ বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন

ভাৰতে ২০২৫ বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ মন কি বাত অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠান বিশ্ববাসীৰ সন্মুখত ভাৰতৰ সৃষ্টিশীল প্রতিভা প্ৰদৰ্শন কৰাৰ বৃহৎ সুযোগ হৈ উঠিব বুলি আশা প্রকাশ কৰি তেওঁ কয়, যে এই উপলক্ষে ভাৰতত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ লগতে সৃষ্টিশীল ব্যক্তিসকলৰ সমাগম ঘটিব। দেশৰ যুৱ সম্প্ৰদায়ৰ আগ্ৰহ তথা অনুসন্ধিৎসাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে লগতে কয়, যে ভাৰতবৰ্ষই ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দিশে গতি কৰা সময়ত দেশৰ যুৱ সমাজে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

প্রধানমন্ত্রীয়ে লগতে ২০২৪ বৰ্ষত জন্ম শতবর্ষ উদযাপিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও মহীৰুহৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। এই সন্দৰ্ভত তেওঁ ৰাজকাপুৰ, মহম্মদ ৰফী, আক্কিনেনি নাগেশ্বৰৰাও, তপন সিন্হা আদিকে ধৰি পুৰোধা ব্যক্তিসকলক স্মৰণ কৰে।