ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হৈছে। ৰাজ্যসভাই প্ৰায় ১২ ঘণ্টা জোৰা আলোচনাৰ অন্তত যোৱানিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত ১২৮ গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰে। লোকসভাত ইতিমধ্যে বিধেয়খন গৃহীত হৈছে।
ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ ৰ মূল উদ্দেশ্য হৈছে— ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱক্ফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱক্ফ পৰিষদ আৰু স্থানীয় কর্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়নৰ ব্যৱস্থা আছে।
বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকল বিধেয়কখনৰ পৰা উপকৃত হ’ব আৰু ইয়াৰ পৰা এগৰাকী মুছলমানৰো ক্ষতি নহয়। তেওঁ কয়, যে বিধেয়কখনে ৱক্ফ সা-সম্পত্তি কোনো ধৰণে হস্তক্ষেপ নকৰে। নৰেন্দ্ৰ মোদী চৰকাৰে সবকা সাথ, সবকা বিকাশ দৃষ্টিভংগীৰে কাম কৰি আহিছে আৰু চৰকাৰখনে কোনো সম্প্ৰদায়ৰ সৈতে ভেদভাৱ নকৰে বুলি শ্ৰীৰিজিজুৱে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে মুছলমানসকল দেশৰ মূল সূঁতিলৈ আনিবলৈ বিচাৰিছে। তেওঁ কয়, যে যুটীয়া সংসদীয় সমিতিয়ে সাংসদসকলৰ মতামত গুৰুত্ব চৰকাৰে বিবেচনা কৰিছে আৰু তেওঁলোকৰ দিহা-পৰামৰ্শও বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় ৱক্ফ পৰিষদৰ পদেয়ন সদস্যসহ মুঠ ২২ গৰাকী সদস্য থাকিব আৰু পৰিষদত ৪ গৰাকীতকৈ অধিক অনা মুছলমান সদস্য নাথাকে বুলি শ্ৰীৰিজিজুৱে স্পষ্ট কৰি দিয়ে। তেওঁ লগতে কয়, যে ৱক্ফ পৰিষদৰ ১১ গৰাকী সদস্যৰ ভিতৰত ৩ গৰাকী অনা মুছলমান সদস্য থাকিব। মন্ত্ৰীগৰাকীয়ে কয়, যে ৱক্ফ পৰিষদ পৰিনিয়ত নিকায় হিচাপে ধৰ্ম নিৰপেক্ষ হোৱা উচিত যদিও চৰকাৰে ইয়াত অনা মুছলমান সদস্যৰ সংখ্যা সীমিতহে কৰিছে।
ইয়াৰ পূৰ্বে, ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰি শ্ৰীৰিজিজুৱে কয়, যে বিভিন্ন পক্ষৰ লগতে যুটীয়া সংসদীয় সমিতিৰ সৈতে বিশদ আলাপ-আলোচনাৰ অন্তত বিধেয়কখন অনা হৈছে। তেওঁ লগতে বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াবলৈ বিৰোধী পক্ষৰ প্ৰতি আহ্বান জনায়।
আলোচনাত ভাগ লৈ কংগ্ৰেছৰ ড° চৈয়দ নাছিৰ হুছেইনে কয়, যে বিধেয়কখন বিভ্ৰান্তিকৰ আৰু ধৰ্মীয় মেৰুকৰণৰ অভিপ্ৰায়েৰে ইয়াক যুগুতাই উলিওৱা হৈছে। বিজেপিয়ে সম্প্রদায়সমূহক ভাগ ভাগ কৰিব বিচাৰিছে বুলিও ড° হুছেইনে অভিযোগ তোলে। তেওঁ কয়, যে বিজেপি চৰকাৰৰ দিনত ৱক্ফ পৰিষদৰ বাবে ধন আৱণ্টন কৰা হোৱা নাই আৰু পৰিষদৰ কৰ্মচাৰীসকলক বেতন আদায় দিয়া হোৱা নাই । ড° হুছেইনৰ বক্তব্যত হস্তক্ষেপ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিৰোধী পক্ষই জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছে।
আলোচনাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই সদনে একীকৃত ৱক্ফ ব্যৱস্থাপনা সৱলীকৰণ, দক্ষতা আৰু উন্নয়ন বিধেয়ক হিচাপে নতুনকৈ নামকৰণ কৰা ৱক্ফ সংশোধনী বিধেয়কখনৰ প্ৰতি সমৰ্থন আগৱঢ়াব বুলি আশা প্ৰকাশ কৰে।
ডি. এম. কেৰ তিৰুচী শিৱাই বিধেয়কখনৰ বিৰোধিতা কৰি কয়, যে এটা বিশেষ সম্প্রদায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। তেওঁ কয়, যে বিধেয়কখন ধৰ্ম নিৰপেক্ষতাৰ পৰিপন্থী আৰু অসংবিধানিক।
টি. এম. চিৰ সাংসদ মহম্মদ নাদিমুল হকে বিধেয়কখন জনসাধাৰণৰ মৌলিক অধিকাৰৰ পৰিপন্থী বুলি মন্তব্য কৰে। আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে বিধেয়কখনক অসংবিধানিক আখ্যা দিয়ে আৰু বিধেয়কখন প্ৰত্যাহ্বাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। আলোচনাত অংশ লৈ আৰ. জে. ডিৰ মনোজ কুমাৰ ঝাই বিধেয়কখনৰ বিষয়বস্তুক লৈ প্ৰশ্ন উত্থাপন কৰে। বিজেপিৰ ৰাধামোহন দাসে কংগ্ৰেছৰ শাসনকালত দুখীয়া মুছলমানসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কোনো কাম কৰা হোৱা নাছিল বুলি অভিযোগ তোলে।
জে ডি এছৰ মুৰববী এইচ ডি দেৱেগৌড়াই বিধেয়কখন উত্থাপন কৰাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰক অভিনন্দন জনায়। তেওঁ কয়, যে মুছলমান সম্প্ৰদায়ৰ চহকী আৰু শক্তিশালী লোকসকলে ৱক্ফ সম্পত্তিৰ অপ-ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বিপৰীতে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাৱটে বিধেয়কখন ৰাষ্ট্ৰ হিতৰ পৰিপন্থী বুলি অভিযোগ উত্থাপন কৰে। সদনত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেও বিধেয়কখনৰ বিৰোধিতা কৰে আৰু ইয়াক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। তেওঁ কয়, যে বিধেয়কখনত ভালেমান আসোঁৱাহ আছে আৰু ই সংবিধানৰ আদৰ্শৰ পৰিপন্থী। আলোচনাত ভাগ লৈ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠাৱালেই কয়, যে বিধেয়কখন অসংবিধানিক নহয় কাৰণ ই সংখ্যালঘু সম্প্রদায়সমূহক ঐক্যবদ্ধহে কৰিব।
সংসদে কালি মুছলমান ৱক্ফ বাতিলকৰণ বিধেয়ক ২০২৪তো অনুমোদন জনায়। এই বিধেয়কখনে ১৯২৩ চনৰ মুছলমান ৱক্ফ আইনৰ ঠাই ল’ব।