ডাউনলোড
মোবাইল এপ

android apple
signal

May 22, 2025 8:09 PM | Waqf bill

printer

ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত উচ্চতম ন্যায়ালয়ৰ

 উচ্চতম ন্যায়ালয়ে ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ বি আৰ গবাই আৰু ন্যায়াধীশ অগষ্টিন জর্জ মাছিক লৈ গঠিত খণ্ড আদালতে এই আইনখনৰ আইনী বৈধতাৰ প্ৰত্যাহ্বান জনায় দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত গোচৰীয় পক্ষকেইটাৰ জ্যেষ্ঠ অধিবক্তা কপিল শিৱাল, অভিষেক মনু সিংভি আৰু ৰাজীৱ ধাৱান আৰু চৰকাৰী পক্ষৰ অধিবক্তা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ যুক্তি তিনিদিন ধৰি শুনাৰ পাছত আজি তিনিটা বিষয় সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখে। এই বিষয় তিনিটা হৈছে— আদালতে ইতিপূৰ্বে ৱকফ্‌ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ক্ষমতা, ৰাজ্যিক আৰু কেন্দ্ৰীয় ৱকফ্ বোর্ডসমূহত অ-মুছলমান সদস্যৰ অন্তৰ্ভুক্তি আৰু ৱকফ্ সম্পত্তিৰ ক্ষেত্ৰত জিলা ন্যায়াধীশৰ ক্ষমতা ।

উল্লেখযোগ্য যে, যোৱা কেইদিনৰ শুনানিত কেন্দ্ৰীয় চৰকাৰ অধিবক্তা- চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱকফ্ আইনখনক ধৰ্ম নিৰপেক্ষ আইনী ব্যৱস্থা বুলি যুক্তি দৰ্শায় আৰু আদালতৰ দ্বাৰা এই ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰা কাৰ্য সংসদৰ ক্ষমতাৰ ওপৰত হস্তক্ষেপ কৰা হব বুলি যুক্তি দাঙি ধৰে।

অধিক পঢ়ক

সকলো চাওক