গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আজি আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেইবাগৰাকী চিকিৎসকে অংশ লোৱা এই পদযাত্ৰাত বলীউদৰ অভিনেতা তথা শাৰীৰিক সুস্থতাৰ হকে সজাগতাৰ সৃষ্টি কৰি অহা মিলিন্দ সুমনে নেতৃত্ব দিয়ে। কার্য্যসূচীত দিয়া ভাষণত অভিনেতাগৰাকীয়ে ফিটনেছ বা শাৰীৰিক সুস্থতাক জীৱনৰ অবিচ্ছেদ্য অংশ কৰি ল’বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অস্থি পৰিচৰ্যা বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সেৱাৰ মূল উপাদান বুলি প্রকাশ কৰে। ভাৰতীয় অস্থি চিকিৎসা সংস্থাৰ ৭০ সংখ্যক এই পূর্ণাংগ অধিবেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে ১৫ খন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম কৰি তোলা হৈছে। ২০৩০ চনৰ ভিতৰত ৰাজ্যত ২৫ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | December 18, 2025 7:38 PM | Walkathan
সৰুসজাই ক্রীড়া প্রকল্পত আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত