ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সবল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মন্তব্য

ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সৱল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। নতুন দিল্লীত আজি জয়পুৰীয়া ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি শ্রীধনখড়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি সুৰক্ষা আগবঢ়োৱাৰ অধিকাৰ আছে। তেওঁ কয যে বিশেষকৈ ব্যৱসায়, বাণিজ্য আৰু উদ্যোগজগতে সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভমিকা পালন কৰিব পাৰে। শ্ৰীধনখড়ে লগতে সিন্দুৰ অভিযানৰ সাফল্যৰ বাবে সশস্ত্র বাহিনী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰে ৷ পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশৰ শান্তি আৰু সম্প্ৰীতিৰ প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰি গ্ৰহণ কৰা এই অভিযান সচাকৈ অভূতপূৰ্ব প্ৰত্যুত্তৰ আছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰয়াসত নতুন মানৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বুলি শ্ৰীধনখড়ে কয় যে যুদ্ধ আৰু সন্ত্ৰাসবাদ বিৰোধী যুজত নতুন মান স্থিৰ কৰা হৈছে। এই অভিযানে ২০০১ চনৰ ১১ চেপ্তেম্বৰত আমেৰিকাত চলোৱা আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে চলোৱা অভিযানৰ কথা সোঁৱৰাই দিয়ে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে আমেৰিকা যিদৰে এই ভাবুকিৰ সন্মুখীন হৈছিল ভাৰতেও সেইদৰে সন্ত্ৰাসবাদ নিঃশেষ কৰাৰ কামত আগবাঢ়িছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।