ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে ভাৰতৰ সংসদীয় ৰাজনীতিৰ আলোচনা, বিতর্ক, বিবেচনা আৰু বক্তৃতাৰ বাবে পূৰ্বৰ পৰাই সুনাম আছে। অর্থপূর্ণ তথা গুৰুত্বপূৰ্ণ আলোচনাই ভাৰতক উন্নতিৰ শিখৰলৈ লৈ যাব বুলিও তেওঁ মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতি শ্ৰীধনখড়ে নতুন দিল্লীত কালি ৰাজ্যসভাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ অংশগ্ৰহণকাৰীসকলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। তেওঁ লগতে ৰাজনৈতিক দলসমূহক গঠনমূলক ৰাজনীতিৰে সমাজখন আগুৱাই নিবলৈ আহ্বান জনায়। তেওঁ কয়, যে প্ৰত্যেকটো ৰাজনৈতিক দলৰ দেশৰ উন্নয়নৰ প্ৰতি দায়ৱদ্ধতা আছে। সেয়েহে যুৱ প্ৰজন্মই এনে মানসিকতাৰে ৰাজনীতিত অংশগ্ৰহণ কৰি সমাজক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। এখন সমৃদ্ধিশালী গণতন্ত্রই তিক্ততাৰ পৰিৱেশ সকলো সময়তে গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে ৰাজনীতি কেতিয়াও সংঘাতৰ বাবে হোৱা উচিত নহয়। ৰাজনীতিত বিভিন্ন মতাদৰ্শৰ লোক থাকে যদিও ৰাজনীতিকসকলে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা চলাব লাগে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।