ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সমাপ্ত, ৬০.৪২ শতাংশ ভোটদান

৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূর্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্রায় ৬০ দশমিক ৪-২ শতাংশ। উত্তৰ-পূব দিল্লীত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ ভোটদানৰ হাৰ পোৱাৰ বিপৰীতে দক্ষিণ-পূব দিল্লীত সর্বনিম্ন ভোটদানৰ হাৰ ৫৬ দশমিক ১-৬ শতাংশ। শ্বাহদাৰা জিলাত ভোটদানৰ হাৰ ৬৩ দশমিক ৯-৪ শতাংশ, উত্তৰ দিল্লীত ভোটদানৰ হাৰ প্ৰায় ৫৯ দশমিক ৫-৫ শতাংশ আৰু উত্তৰ-পশ্চিম দিল্লীত ভোটদানৰ হাৰ প্ৰায় ৬০ দশমিক ৭ শতাংশ। ৰাজনৈতিক ভাগ্য নির্ণয় হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ বিজেন্দ্ৰ গুপ্তা, প্ৰৱেশ বাৰ্মা, ৰমেশ বিধুৰী আৰু কৈলাশ গেহলট অন্যতম। কংগ্ৰেছ নেতা সন্দীপ ডিক্সিট আৰু অলকা লাম্বায়ো এই যুঁজত অৱতীৰ্ণ হৈছে। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, কেন্দ্রীয় মন্ত্ৰী ড° এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সেনা বাহিনীৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্রী আতিশীয়ে কালি দিল্লী বিধানসভা নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰে।

ৰাষ্ট্ৰীয় ৰাজধানীত কালি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যাপক নিৰাপত্তা ব্যৱস্থা হাতত লৈছিল। নিৰ্বাচনত ধন, ক্ষমতাৰ ব্যৱহাৰৰ দিশত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা হৈছে। দিল্লী বিধানসভাৰ সমান্তৰালকৈ তামিলনাডুৰ ইৰোড ইষ্ট সমষ্টি আৰু উত্তৰ প্ৰদেশৰ মিল্কীপুৰ সমষ্টিৰ উপ-নির্বাচনৰ বাবে কালি ভোটদান অনুষ্ঠিত হৈছিল। ইৰোড ইষ্টত প্ৰায় ৬৭ দশমিক ৯-৭ শতাংশ আৰু মিল্কীপুৰত প্ৰায় ৬৫ দশমিক ৩-৫ শতাংশ ভোটদান সাব্যস্ত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।