ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্রেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূর্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কষ যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্রেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে।
অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰাই কঠোৰ স্থিতি গ্রহণ কৰি আহিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ৬, ৭আৰু ৮ নম্বৰ নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰাতীয়া হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তর্ভুক্ত হ’ব পাৰে।