November 27, 2025 8:05 PM | Voter List

printer

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত আছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। ২০ ডিচেম্বৰলৈকে ভোটাৰৰ তথ্য সংগ্ৰহ কৰা হ’ব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ’ব।

চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে জিলা প্রশাসনে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ভোটাৰ তালিকাৰ সোৱাহ দূৰীকৰণৰ বাবে ভোটদাতাৰ নাম, ঠিকনাকে ধৰি অন্যান্য তথ্যসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰিছে। জিলাখনত ২৭ ডিচেম্বৰত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।