ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰ অনুসৰি বিয়লি ৩.৩০ বজালৈকে নলবাৰী জিলাত ৫৯ দশমিক ৪- ৫ শতাংশ, দক্ষিণ শালমাৰা জিলাত ৫৮ শতাংশ, গোৱালপাৰা জিলাত ৫৬ দশমিক ২-২ শতাংশ, বঙাইগাঁও জিলাত ৬২ দশমিক ৭–২ শতাংশ, বৰপেটা জিলাত ৬০ দশমিক ২-২ শতাংশ, বজালী জিলাত ৫৭ শতাংশ, কামৰূপ জিলাত ৫১ দশমিক ৩-৩ শতাংশ, কামৰূপ মহানগৰ জিলাত ৫৬ দশমিক ৮-৪ শতাংশ, হোজাই জিলাত ৫৭ দশমিক ৬-৫ শতাংশ, নগাঁও জিলাত ৫১ দশমিক ৭ শতাংশ, মৰিগাঁও জিলাত ৬০ দশমিক ১-৫ শতাংশ আৰু দৰং জিলাত ৫৩ দশমিক ২-৫ শতাংশ ভোটদান হয়।

আজি ভোটগ্রহণ চলি থকাৰ মাজতে হোজাইৰ ধলপুখুৰী গাঁও পঞ্চায়তৰ ৫৬১ নম্বৰ ভোটকেন্দ্ৰত দায়িত্বত থকা প’লিং বিষয়া এজন হৃদৰোগত আক্ৰান্ত হোৱাত অসুস্থ বিষয়াজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে কিছু সময়ৰ বিৰতিৰ পাছত নতুন প’লিং বিষয়াই দায়িত্ব গ্ৰহণ কৰি ভোটগ্রহণ নিয়াৰিকৈ চলাই নিয়ে।