ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 12:38 PM | PM

printer

উর্দূলা ৱন ডেৰ লেয়েনৰ সৈতে প্রধানমন্ত্ৰীৰ আজি প্রতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দূলা ৱন ডেৰ লেয়েনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ লেয়েন কালি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। তেওঁৰ সৈতে ইউৰোপীয় আয়োগৰ ২৭ গৰাকী আয়ুক্তৰ ভিতৰত ২২ গৰাকী আয়ুক্তও ভাৰতলৈ আহিছে। ইউৰোপীয় দেশসমূহৰ আয়ুক্তসকলক লৈ গঠিত কলেজ অব্ কমিছনাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্রমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে ।