ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 12:36 PM | PM Modi

printer

ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হবলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এখন স্ব-নিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে অনাগত সময়ছোৱাত সমগ্ৰ দেশৰ নাগৰিকসকল লাভান্বিত হব। দ্বাৰকা এক্সপ্ৰেছৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সংযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিব বুলিব প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ জৰিয়তে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ নাগৰিকসকল বহুলভাৱে উপকৃত হব বুলিও তেওঁ কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনৰ বাবে সংস্কাৰৰ অৰ্থ হৈছে, সকলো নাগৰিককে সামৰি দেশৰ উন্নতিৰ দিশে আগবঢ়া। দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ প্ৰণালী সুচল কৰাৰ বাবে এই চৰকাৰখন বদ্ধপৰিকৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কেতবোৰ লক্ষ্য আগত ৰাখিহে প্ৰতিটো নীতিৰ নিৰ্ধাৰণ আৰু প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।