November 1, 2025 12:37 PM | Vision 2032

printer

ভিজন ২০৩২ ৰ কাঠামো উন্মোচন

 ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষই এ আই, ব্লকচেইন, কোৱান্টাম কম্পিউটিং আৰু উন্নত এনক্রিপচনৰ জৰিয়তে ভৱিষ্যতৰ ডিজিটেল পৰিচয় শক্তিশালী কৰাৰ আধাৰ ভিজন ২০৩২ ৰ কাঠামো উন্মোচন কৰে। ইলেক্ট্রনিকছ আৰু আই টি মন্ত্রালয়ে কালি উল্লেখ কৰে যে এই কাঠামোটোৱে ভাৰতৰ ডিজিটেল পৰিচয় পৰিৱেশ তন্ত্ৰক পুনৰ সংজ্ঞাৱদ্ধ কৰাৰ লগতে অহা দশকৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল শাসন ব্যৱস্থা ত্বৰান্বিত কৰাৰ উদ্দেশ্যেও এক বিস্তৃত ৰূপৰেখা প্ৰদান কৰিব। এই ৰূপৰেখা প্রযুক্তি ক্ষেত্ৰৰ বিষেষজ্ঞৰ দ্বাৰা নির্দেশিত হ’ব আৰু ই ডিজিটেল পার্চনেল ডাটা প্রটেকচন এক্ট আৰু বিশ্বব্যাপী চাইবাৰ ছিকিউৰিটি ষ্টেণ্ডাৰ্ডৰ সৈতে আধাৰক অনুকূল কৰি তুলিব। মন্ত্রালয়ে আৰু কয় যে এই ৰূপৰেখাই প্রযুক্তিগত নেতৃত্ব বজাই ৰখাৰ লগতে নিৰাপদ, সর্বাংগীন আৰু জনকেন্দ্রিক ডিজিটেল পৰিচয় হিচাপে আধাৰৰভূমিকাক শক্তিশালী কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।