ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত বৃহস্পতিবাৰে দশম ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত

♦ বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত কালি দশম ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা-ডি আৰ ডি অ’ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা আৰু গৱেষণা বিভাগৰ সচিব ড০ সমীৰ ভি কামাটে তিনিদিনীয়া এই সমাৰোহ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী কামাটে ডি আৰ ডি অ’ক উন্নত শিখৰলৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তিত গোলকীয় শৃংখলা আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ যুৱ বিজ্ঞানীসকলৰ প্ৰতি আহ্বান জনায়। ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহে প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত সাম্প্রতিক তথা ভৱিষ্যতৰ বিষয়সমূহ সন্দৰ্ভত অভিজ্ঞতাৰ আদান-প্ৰদানৰ লগতে আলোচনাৰ এখন মঞ্চ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি ডি আৰ ডি অ’ৰ সঞ্চালকপ্ৰধান ড০ ৱাই শ্রীনিবাস ৰাৱে কয় যে ৰাষ্ট্ৰৰ বিকাশত যুৱ বিজ্ঞানীসকলে মুল ভূমিকা পালন কৰিব লাগে। আনহাতে নৌবিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ-এন এছ টি এলৰ সঞ্চালক ড০ আব্রাহম ভাৰুগেছে কয় যে, যুৱ বিজ্ঞানীসকলে সুযোগসমূহৰ উপযুক্ত ব্যৱহাৰেৰে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ হকে কাম কৰি যোৱা উচিত।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।