তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটে অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণৰ লক্ষ্যৰে প্ৰতিযোগিতামূলক মল্লযুঁজলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেল’ছ অলিম্পিকৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে, ভিনেশ ফোগাটে হ’ব চাৰিখন অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। ইতিমধ্যে একাধিকবাৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত স্বর্ণ পদক জয় কৰি ফোগাট যোৱা দশকত ভাৰতৰ অন্যতম এগৰাকী মল্লযোদ্ধা হিচাপে নিজৰ চিনাকী দাঙি ধৰিছে৷ ফোগাটে ইয়াৰ পূৰ্বে ২০১৬ চনৰ ৰিঅ’, ২০২০ চনৰ টকিঅ’ আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিছিল।
Site Admin | December 13, 2025 9:38 PM | Eyes Record Fourth Olympic Appearance | Vinesh Phogat Announces Return
তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটৰ অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি