দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত ৪০০ৰো অধিক কৃষকৰ উপস্থিতিত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কৃষক, কৃষি বিজ্ঞানী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰা হয়। অনুষ্ঠানত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° গুঞ্জন গগৈয়ে খাৰিফ শস্যৰ শেহতীয়া বহনক্ষম প্রযুক্তি, জৈৱিক কৃষিকে ধৰি কৃষকৰ বাবে প্ৰয়োজনীয় বিভিন্ন তথ্য অৱগত কৰে। ১৩ দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ ৫২টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ হাজাৰৰো অধিক কৃষকক সামৰি লোৱা হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই কালি ডিব্ৰুগড় জিলাত এই অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মানকটা খেলপথাৰত আয়োজিত সভাত ভাষণ দি শ্ৰীবৰাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাত এই অভিযানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰায়েও অংশগ্ৰহণ কৰে। জিলাখনত এই অভিযানৰ অধীনত ১০ হাজাৰ ৪০০ কৃষকক সামৰি লোৱা হৈছে। লখিমপুৰ জিলাতো এই অভিযানৰ অংশ হিচাপে জিলা প্ৰশাসনৰ বিষয়ববীয়া, কৃষি বিজ্ঞানী আৰু বিভাগীয় বিষয়াসকলে কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস চলাইছে। কাছাৰ জিলাতো আজি এই অভিযানৰ লগত সংগতি ৰাখি আলোচনা সভাৰ আয়োজন কৰা হয় ৷ সভাত শিলচৰৰ বিধায়ক দ্বিপায়ন চক্ৰৱৰ্তী আৰু জিলা কৃষি বিষয়াকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে দেশৰ ৭০০ খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰি তোলাৰ উদ্দেশ্যে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ভূমি স্বাস্থ্য পত্ৰৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষি খণ্ডৰ বিভিন্ন সমস্যাৰ অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰৰ ব্যৱস্থা কৰা হ’ব।
Site Admin | May 30, 2025 11:33 AM | viksit krishi sankalpa avijan
ৰাজ্যত ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ
