চৰকাৰে বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ কৰিছে। বিৰোধী দলে আইনখনৰ সমালোচনা কৰা কাৰ্য তথ্য আধাৰিত নহয় আৰু ই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই আইনখনৰ জৰিয়তে গাঁৱৰ পৰিয়ালসমূহৰ কমেও ১২৫ দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। এই আইনৰ জৰিয়তে ১৫ দিনৰ ভিতৰত কৰ্ম সংস্থাপন নিদিলে নিৱনুৱা ভাট্টা দিয়াটো বাধ্যতামূলক কৰা হৈছে। শ্ৰমিকৰ মজুৰি সন্দৰ্ভত এই আইনখনত স্পষ্টভাবে উল্লেখ আছে। প্রতিজন লোকে প্রতিদিনৰ কামৰ বিপৰীতে আইনখনত উল্লেখ কৰা নিৰিখত মজুৰি লাভকৰিব। চৰকাৰী সূত্ৰই জনোৱা অনুসৰি এই আইনৰ অধীনত প্ৰতি বছৰে মজুৰিৰ পৰিমাণ উল্লেখ থাকিব আৰু পূৰ্বৰ এমএনৰেগাৰ মজুৰিতকৈ ইয়াৰ পৰিমাণ বৃদ্ধি হ‘ব। এই আইনৰ জৰিয়তে শ্রমিকসকলক সপ্তাহ বা পষেকৰ অন্তত মজুৰি দিয়া হ‘ব।
Site Admin | January 19, 2026 12:03 PM | vikasit bharat
চৰকাৰৰ বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ