ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুদিনীয়া ভ্রমণসূচীৰে ছেচেইলছলৈ যোৱা উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে দেশখনত মৰিচাচৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ভাৰত আৰু মৰিচাচৰ মাজৰ ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত থকা শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰে। তেওঁলোকে লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ দিশ সন্দৰ্ভতো আলোচনা কৰে । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ছেচেইলছত থকা প্ৰবাসী ভাৰতীয় সকলক উদ্দেশি ভাষণ দিয়ে। তেওঁ কয়, যে ছেচেইলছ হৈছে মহাসাগৰ দৃষ্টিভংগীৰ উল্লেখযোগ্য অংশীদাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনৰ কথা উল্লেখ কৰি শ্ৰীৰাধাকৃষ্ণনে কয়, যে এই পদক্ষেপে এখন মুক্ত আৰু সুৰক্ষিত ভাৰত মহাসাগৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।